Logo
image

মুখ্যমন্ত্ৰীয়ে ক'লে, "ভূপেন বৰাৰো গেৰাণ্টি নাই, কংগ্ৰেছত ৰকিবুল-ৰেকিবুদ্দিন-জাকিৰহঁতৰ বাদে আন কোনো নাথাকে"

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ ফেব্ৰুৱাৰীঃ বিৰোধী কংগ্ৰেছক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ মতে, কংগ্ৰেছ প্ৰায় সকলোৱে এৰিব। স্বয়ং অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰে বোলে কোনো গেৰাণ্টি নাই। দেওবাৰে নগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা কথা বতৰাত এই মন্তব্য কৰে। তেওঁ  কয়, "মই ভাৱো কংগ্ৰেছত ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ, নুৰুল হুদা, ৰশ্বিদ এনেকুৱা কেইজনমানক বাদ দি আৰু কোনো নাথাকে, সেইটো নিশ্চিত। মই নাম কোৱা কেইজনহে থাকিব।" 

মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে আৰু কয়, "প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যে কংগ্ৰেছত থাকিব কি গেৰাণ্টি আছে। কাৰো গেৰাণ্টি ল'ব নোৱাৰে।" অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মাতৃ হেমপ্ৰভা শইকীয়াৰ কথা মতেহে কংগ্ৰেছ দলত থকা বুলি তেওঁ সদৰি কৰা কথাষাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত মুখ্যমন্ত্ৰী ড° শৰ্মাই অতি তাৎপৰ্যপূৰ্ণভাৱে কয়, "তেওঁৰ মাতৃৰ লগত লাগিলে কথা পাতি ল'ম। মোৰ লগতো তেওঁৰ আটাইতকৈ ভাল। মাতৃয়ে কথাটো সলনি কৰি দিব পাৰে।" 

সমাগত লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে কেইখন আসন লাভ কৰিব বুলি প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয়, "আমাৰ হাতত এঘাৰখন আসন আছে। আমি এঘাৰখন আসন পাম।" তেওঁ আৰু কয়, "আমাৰ বিজয় যিহেতু নিশ্চিত সেয়েহে নিৰ্বাচনকৈয়ো উন্নয়নমূলক কামতহে আমি গুৰুত্ব আৰোপ কৰিছোঁ। ৰাইজৰ বাবে প্ৰয়োজনীয় কাম বিলাকতহে বেছিকৈ জোৰ দিছোঁ।" 

নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিব বুলি বিভিন্ন মহলত চৰ্চিত খবৰৰ সন্দৰ্ভত সোধা আন এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী কৌশলী মন্তব্যৰে কয়, "নগাঁৱৰ বৰ্তমানৰ সাংসদ কোন ধৰিব দিগদাৰ। নগাঁও নামটো আছে সমষ্টিটো বদলি হৈ গ'ল। যেনেকৈ নগাঁও সমষ্টিত আগৰ হোজাই, লামডিং, যমুনামুখ, বঢ়মপুৰ আদি নাই, ঠিক একেদৰে চামগুৰি, ৰূপহী, ধিং নগাঁৱলৈ আহিল। গতিকে পুৰণা নগাঁও আৰু পুৰণা কলিয়াবৰ সমষ্টিৰ কোনো চিনমোকাম নাই। এটা নতুন পৰিৱেশ। নতুন পৰিৱেশত আমি নতুনকৈ চিন্তা কৰিম৷ কংগ্ৰেছৰো নতুনকৈ চিন্তা কৰাৰ অধিকাৰ আছে। পুৰণিকো আঁকোৱালি লোৱাৰ অধিকাৰ আছে। তেওঁলোকৰ ৰাজনীতি তেওঁলোকৰ লগত আৰু আমাৰ ৰাজনীতি আমাৰ লগত থাকিব।" আনহাতে ৰাণা গোস্বামীয়ে কংগ্ৰেছ এৰাৰ কোনো খবৰ তেওঁৰ হাতত নাই বুলি কয়।